সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
স্বাৰ্থৰ সমাজ ৷


( গছৰ আঁৰৰ পৰা হীৰালালৰ আৰু গণেশৰ প্ৰবেশ )

গনেশ— ধৰা নেৰিবা [ হীৰালালে ধৰে আৰু চকু বান্ধে ]

ভালকৈ বান্ধিবা ই থাকিলে দেশত উৎপাত হব।

হীৰালাল— বৰকৈ কথা নকবা কোনোবাই শুনিব।
গনেশ— লোৱা ইয়াক হাত ভৰি বান্ধি নৈত উটাই দিওগৈ

ই জীয়াই থাকিলে আমাৰ সৰ্ব্বনাশ হব।

নিৰ্ম্মল — ( স্বগতঃ ) হে মা দুৰ্গতি নাশিনী, বিপদ হাৰিনী,

নিৰাশ্ৰয়ৰ আশ্ৰয় দাতা মোক ৰক্ষা কৰা [ ফুটাই ] তোমালোক কোন মোক কিয় বান্ধিছা। মই তোমা লোকক কি কৰিছো।

( আন ফালৰ পৰা দাৰোগা আৰু চিপাহীৰ প্ৰবেশ )

দাৰোগা— কোন তোমালোক এওঁক কিয় বান্ধিছা?
গনেশ— এইটোৱেই প্ৰমীলাক লুকুৱাই থৈছে, আপোনাৰ

ওচৰলৈ ধৰি নিবলৈ বান্ধিছো। নহলে ইয়াক নিয়াতো টান।

দাৰোগা — মেলি দিয়া।

{{playscript|gap=5| হীৰালাল—|নহয় দাৰোগাবাবু ইয়াক মেলি দিলে নিয়াতো টান হব।

দাৰোগা— বাৰু তেনে চকু কিটাকে মেলি দিয়া।

( হীৰালালে চকু মেলি দিয়ে )

এই, তোৰ নাম কি, কিয় পলাই ফুৰিছ?
নিৰ্মল— দাৰোগা বাবুনে? মোৰ দুৰ্দশাৰ কথা কি কম।