সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নগেন্দ্ৰ— মোৰ ঘৰ দেৰ গাঁৱত। মোৰ তিৰোতাৰ নাম ভাৰতী।�
প্ৰমীলা— কি কোৱা তুমিয়েই ভাৰতীৰ স্বামী। হায়! হায়!

তোমাৰ দশা এনে হল। তোমাৰ চিন্তাতে ভাৰতী দিনে দিনে শুকাই ক্ষিণাই গৈছে। হায়! হায়! ঈশ্বৰৰ কি লীলা। বাবা এওঁ আমাৰ গাঁৱৰে মানুহ।

সন্যাসী— বাৰু তুমি যদি তেওঁক চিনি পাইছা, তেওঁক

শুশ্ৰুষা কৰি সুস্থ কৰা; ভাল হলে দুয়োকো লৈ যাম।

⸻⸻

চতুৰ্থ দৃশ্য—গাঁৱলীয়া বাট।

নিৰ্মল— প্ৰমীলা তুমি কোন গলা। তোমাৰ এইবোৰ

বিপদ শুনি মই কেনেকৈ স্থিৰ হৈ থাকো। তোমাক ভাল পোৱাই আজি মোৰ শৰীৰ দেই পুৰি মাৰিছে, এদিন তুমি মোক মালা দি বৰণ কৰিছিলা। সেই দিন মোৰ কিমান সুখৰ আছিল। তোমাৰ মোহনী শক্তিৰে মোহিত কৰি এতিয়া তুমি কলৈ গলা। হায় কু-চক্ৰিয়ে জালত পেলাই তোমাক ক'ত ৰাখিছে। প্ৰমীলা মই মৰিবলৈ ভয় নকৰো; কিন্তু তোমাক যে এবাৰ দেখিবলৈ নেপালো। মই আকৌ সমাজৰ আগত এই মুখ কেনেকৈ উলিয়াম।