সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৮
স্বাৰ্থৰ সমাজ ।


সন্যাসী— কোৱা, পাপ কাম কৰা অনুভব কৰিলে তোমাৰ

প্ৰায়চিত্ত হব। আৰু শাস্তি পাবা।

নগেন্দ্ৰ— মই আৰু শাস্তি নেপাও।

মোৰ পাপৰ অন্ত নাই। মই মোৰ পিতাৰ সৰ্ব্বস্ব ধন-বস্তু মদ আৰু বেশ্যাত উৰুৱাই আজি পিতা-মাতা, তিৰোতাক কষ্টত পেলাইছো। মই সমাজক উপেক্ষা কৰিছো। ব্যভিচাৰী হলো। শেষত এজনী বেশ্যাৰ ৰূপত মুগ্ধ হৈ তাইক মোৰ ধন-বস্তু সকলো অপৰ্ণ কৰিলো। মই মোৰ তিৰোতাক চলনা কৰি অহা বাবে মোৰ এই দশা। সেই বেশ্যাই মোৰ বেমাৰ হোৱাত ঘৰৰ পৰা খেদি দিলে। মই গছৰ তলত পৰি থাকি কাৰো আশ্ৰয় নেপাই এই খিনি পাইছোহি। আপুনি এটোপা পানী নিদিয়া হেঁতেন মই মৰো।

সন্যাসী— তুমি বেজাৰ নকৰিবা। পূৰ্ব্ব জন্মৰ কৰ্ম্ম অনুযায়ী

ভোগ কৰিছা। চোৱাচোন নলৰজায়ো কৰ্ম্ম ফলৰ হাত সাৰিব নোৱাৰিলে।

প্ৰমীলা— তোমাৰ নাম কি?
নগেন্দ্ৰ— মোৰ আৰু মাত নোলাই। মোক এটোপা পানী

দিয়া ( পানী দিয়ে, পানী খায় ) উস্ তত পালো তেওঁ। মোৰ নাম নগেন্দ্ৰ।

প্ৰমীলা— তোমাৰ ঘৰ ক'ত। তোমাৰ তিৰোতা আছেনে?

তেওঁৰ নাম সুধিব পাৰোনে?