এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৫
স্বাৰ্থৰ সমাজ ।
| মৰে। তাৰ পাচত মই এজনক মোৰ মন অৰ্পণ কৰিলো। |
| সন্যাসী — | তেন্তে তুমি ব্ৰাহ্মণৰ কন্যা নোহোৱা। |
| প্ৰমীলা— | [ স্বগত: ] আকৌ জঞ্জাল। [ ফুটাই ] হয় মই
বামুণৰ ছোৱালীহে। |
| সন্যাসী— | ব্ৰাহ্মণৰ কন্যাৰ যে পুনৰ বিয়া নহয়। |
| প্ৰমীলা— | তিৰোতাৰ স্বামী অবিহান কি কষ্ট এবাৰ ভাবি
চাওকচোন। মই এই দৰেই থাকিমনে? কেলেই আমিনো দ্বিতীয় বিবাহ কৰাব নোৱাৰিম। |
| সন্যাসী— |
| প্ৰমীলা — | সেই বিষয়ে মোক কোনেও কোৱা নাই আৰু
শিকোৱা নাই। |
| সন্ন্যাসী— | কিয় তোমাৰ সমাজতো আছিল। |
| প্ৰমীলা— | সমাজে সেইবোৰ শিকাবলৈ একো যত্ন কৰা
নাই। মাত্ৰ মোৰ স্বামীৰ বিয়োগৰ দিনা মোৰ কপালৰ সেন্দুৰৰ ফোট মোহাৰিছিল আৰু নিৰামিষ খাবলৈ ব্যৱস্থা কৰিছিল। তাৰবাহিৰে মই মোৰ চাল-চলন আগৰ দৰেই ৰাখিব পাৰিছিলো। বিলাসীতা এৰা নাছিলো! বিয়া-সবাহ, গান-বাজনা একো এৰা নাছিলো। |
| সন্যাসী— | কেলেই তোমালোকৰ সমাজৰ একো নিয়ম কাৰণ
নাই নে কি? তোমালোকৰ সামজত ব্ৰহ্মচাৰ্য্যৰ প্ৰবৰ্ত্তন |