সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২১
স্বাৰ্থৰ সমাজ ।


পুৰুষোত্তম— আঙ্গুলি তোৱাবই নোৱাৰি তোমাৰ ভালৰ

কাৰণেহে কৈছো; চোৱাচোন তোমাক আশা দি তলে তলে তুমি নাইকিয়াত কোনোবা এটাৰ লগত যোৱা দেখি গণেশৰ কি অৱস্থা হল। সেই বাবেহে কও দুষ্ট হোৱাৰ এবাৰ লেকাম চিগিলে আকৌ নতুন দিলেও বশ কৰা টান। এবাৰ সমাজৰ বান্ধ চিঙ্গি গলে আকৌ বান্ধ থোৱা আশা কম। লোকক দেখুৱাই বান্ধ খালেও স্বভাৱ ভাল নহয়।

ভাৰতী— দেউ আপুনি তেনে কথা নকব। মই প্ৰমীলাৰ

স্বভাৱ চৰিত্ৰ বেচকৈ জানো। কেতিয়াও তেওঁৰ তেনে স্বভাৱ নহয়।

পুৰুষোত্তম— আইদেউ সকলোকে তোমাৰ নিচিনা বুলি

নেভাবিবা।

নিৰ্ম্মল— মই তোমাৰ ওচৰলৈকে আহিছো, প্ৰমীলা কলৈ

গল কব পাৰানে?

পুৰুষোত্তম— আও তাই কম ছোৱালী নহয়।

এওঁকো বেয়া কৰিবলৈ বৰকৈ অহা-যোৱা কৰিছিল। বলে নোৱাৰি বাপেকে দেশকে এৰিলে।

ভাৰতী— দেউ মিছাকৈয়ে তেনেকৈ নকব।

মই সিমান দূৰ কব নোৱাৰো। তেওঁ প্ৰায়েই মোৰ ওচৰলৈ আহে। তেওঁ সদাই দুখ কৰে তেওঁ যেনিবা বিধবা আমি যেনিবা জীয়া বাৰী।