সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
স্বাৰ্থৰ সমাজ ।


পুৰুষোত্তম— হেৰ বোপাই তহঁতি একেটাতে ধ'ৰ। আমি

কব পৰাতে ফুলপানী ছিগাৰ জেধৰ বৰুৱাই যোৱা নহাত গৰু এজনী দান কৰি বিয়া কৰাই গজ গজ কৰে পাচোটা লৰা থৈ মৰি গল। হেৰ ধেনুৰাম! ছোৱাচিতাত ভূল নাই; তহঁতে মিছাতে দোষাৰোপ কৰ। চাচোন আজিকালি যিমান বিধৱা হয়, আগৰতো সিমান নাছিল। কিয় ক'ব পাৰ জানো। মই কওঁ শুন আজিকালি ছোৱালীবোৰে সকলো নীতি নিয়ম এৰি দিলে, সেন্দুৰৰ ফুট এটাও লবলৈ লাজ কৰা হল। আগেয়ে আমাৰ আইহতে তিনটা ফোঁট লৈছিল। এতিয়া খেতো জনীয়ে কপালত সেন্দুৰ লগাবলৈকে টান পোৱা হ'ল। আগৰ তিৰোতা বোৰে দাঁতত সকা লগাইছিল কাৰণ গিৰিয়েকৰ আগত বগা দাত উলিয়াব নেপাই। এতিয়া সেইবোৰ এৰিলেই অইন চাৰি তামোল নেখাই ধপাতত ধৰিলে। আগেয়ে চুলি মেলি ফুৰিব নেপাই। এতিয়া চুলিৰ আগতহে গাঠিতো দিয়া হ'ল। এনেবোৰ নিয়ম হলে দেশত কেলৈ উৎপাত নহব।

ধেনুৰাম— আপোনালোকে তাকে নকৈ কি বব। আগৰ

দৰে থাকিলে যে আজিকালি নচলে।

পুৰুষোত্তম— এৰা নচলিবতো। আগেয়ে জানো কৰবাত

নটিনীৰ লগত পলাই যোৱা দেখিছিলি। তহঁতৰ ৰজনী মুক্তিয়াৰৰ লৰাটোলৈকে নেচাৱ কেলেই। বেচি কথা