এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
স্বাৰ্থৰ সমাজ ।
| হেমপ্ৰভা— | তেনেহলে তুমি নোযোৱা। |
| প্ৰমীলা— | যাব পাৰো। কিন্তু— |
| হেমপ্ৰভা— | কিন্তু কি? তুমি নোযোৱানে কি ভনীটি? |
| প্ৰমীলা — | হে প্ৰভূ! এতিয়া মই কলৈ যাওঁ। এতিয়া
সমাজত কেনেৈ মুখ দেখুওৱাম। |
| হেমপ্ৰভা— | হে মোৰ স্বামী ভূমি কিয় পাপত লিপ্ত হৈছিলা।
তোমাৰ এতিয়া এনে দুখ দেখি মই কেনেকৈ জীয়াই থাকো ( বুকুত নিজে চুৰি মাৰি পৰি যায় ) |
| প্ৰমীলা— | কি কৰিলে বাইদেউ, সৰ্ব্বনাশ কৰিলে মই যাম,
যাম বাইদেউ। |
| হেমপ্ৰভা— | এতিয়াই যোৱা। |
| প্ৰমীলা— | নৰ পিশাচতুল্য দস্যু, স্বামীৰ প্ৰতি আপোনাৰ
ইমান অচলা ভক্তি। বাইদেউ, বাইদেউ, এবাৰ ভনিটী বুলি মাতক এই খন হাতত কিহৰ চিঠি। মই আৰু পলাও থাকিলে বিপদ। |
( বেগেৰে প্ৰস্থান )
⸻⸻
পঞ্চম দৃশ্য।
(ভাৰতী আৰু মূৰ্তিমতী বহি থাকে ৰজনীৰ প্ৰবেশ। )
| ৰজনী— | হেৰ তোৰ আগত সি কিবা কৈছিল নে কি? |