সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
স্বাৰ্থৰ সমাজ ।


হেমপ্ৰভা— তেনেহলে তুমি নোযোৱা।
প্ৰমীলা— যাব পাৰো। কিন্তু—
হেমপ্ৰভা— কিন্তু কি? তুমি নোযোৱানে কি ভনীটি?
প্ৰমীলা — হে প্ৰভূ! এতিয়া মই কলৈ যাওঁ। এতিয়া

সমাজত কেনেৈ মুখ দেখুওৱাম।

হেমপ্ৰভা— হে মোৰ স্বামী ভূমি কিয় পাপত লিপ্ত হৈছিলা।

তোমাৰ এতিয়া এনে দুখ দেখি মই কেনেকৈ জীয়াই থাকো ( বুকুত নিজে চুৰি মাৰি পৰি যায় )

প্ৰমীলা— কি কৰিলে বাইদেউ, সৰ্ব্বনাশ কৰিলে মই যাম,

যাম বাইদেউ।

হেমপ্ৰভা— এতিয়াই যোৱা।
প্ৰমীলা— নৰ পিশাচতুল্য দস্যু, স্বামীৰ প্ৰতি আপোনাৰ

ইমান অচলা ভক্তি। বাইদেউ, বাইদেউ, এবাৰ ভনিটী বুলি মাতক এই খন হাতত কিহৰ চিঠি। মই আৰু পলাও থাকিলে বিপদ।

( বেগেৰে প্ৰস্থান )

⸻⸻

পঞ্চম দৃশ্য।

(ভাৰতী আৰু মূৰ্তিমতী বহি থাকে ৰজনীৰ প্ৰবেশ। )

ৰজনী— হেৰ তোৰ আগত সি কিবা কৈছিল নে কি?