সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৪
স্বাৰ্থৰ সমাজ ।


কামাতুৰ নৰ ৰাক্ষসৰ হাতৰ পৰা ৰক্ষা কৰা। হে প্ৰভু

তুমি ৰক্ষা নকৰিলে সতীৰ পৰম ৰত্ন সতীত্ব ধন কোনে ৰক্ষা কৰিব। হে আই! সীতা মাতৃক ঠাই দিয়াৰ দৰে মোকো এই বিপদৰ সময়ত তোমাৰ গৰ্ভত ঠাই দিয়া।

হীৰালাল— মই আৰু ৰব নোৱাৰো তোমাৰ মত কি?
প্ৰমীলা— ( স্বগতঃ ) অন্য উপায় কৰিব লাগিল নহলে হাত

সৰাৰ উপায় নাই [ ফুটাই ] ম‍ই দেখিছো তুমি মোক বৰ ভাল পোৱা। মই তোমাৰ ভালপোৱা প্ৰমাণহে কৰিলো। মই তোমাক মনে মনে কিমান ভাল পাওঁ তাক কেনেকৈ দেখুৱান। তোমাৰ মনৰ ভাব বুজিবলৈহে অতপৰ এনে কথা কৈছিলো। মই পৰা হলে হনু মানৰ দৰে বুকু ফালি তোমাক কিমান ভাল পাও তাক দেখুৱালোহেতেন। তোমাৰ এই মন-মোহন ৰূপে মোৰ হৃদয় অধিকাৰ কৰি আছে। মই তোমাৰ বাহিৰে আন কাৰো নহওঁ।

হীৰালাল — অতদিনে মোক কিয় কোৱা নাছিলা। মোক

কিয় ইমান কষ্ট দিলা।

প্ৰমীলা — কষ্ট কৰিলেহে সাগৰৰ তলৰ মাণিক তুলিব পাৰে।

সোন পৰীক্ষা কৰিবলৈ হলে জুইত পুৰিলেহে হব। সেই কাৰণে মই তোমাৰ ভালপোৱাটো প্ৰকৃতঃ নে ৰূপজ তাকহে চালো।

হীৰালাল— প্ৰিয়া এতিয়াহে মোৰ মন আনন্দত উঠলি উঠিছে।