এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০১
স্বাৰ্থৰ সমাজ ।
| প্ৰমীলা — | মই আপোনাক ক্ষমা কৰিম। আপোনাৰ স্বামীয়ে
মোক সেই পাষণ্ডৰ হাতৰ পৰা ননা হলে মোক বা সি কি কৰিলেহেতেন! আপুনিও মোৰ কাৰণে বহুত কষ্ট কৰিছে এনেস্থলত আপোনাৰ মুখত এনে কথা নুশুৱায়। আপনি ওচৰলৈ আহিলে মনত কিমান শান্তি পাওঁ। মোৰ জীৱনত আপোনাৰ উপকাৰৰ কথা পাহৰিব নোৱাৰো! বাইদেউ, আপুনি মোৰ মানত স্বৰ্গৰ দেৱী। |
| হেমপ্ৰভা— | বাৰু সেইবোৰ থোৱা। আজি লৰাহতৰ
দেউতাক ঘৰত নাই। তুমি অকলে শুবলৈ ভয় কৰা যদি বেয়া নেপালে ময়ে তোমাৰ লগত শুমহি। |
| প্ৰমীলা— | থওক বাইদেউ মইনো আপুনি শুলে বেয়া পামনে?
আপুনি মোৰ লগত শুলে ৰাতি লৰাচোৱালী কেইটাৰ ভয় লাগিব পাৰে। সেইদেখি তাহাতৰ লগতে শুৱক। এই অকলে থাকি থাকি অকলে শুবলৈ সিমান ভয় নলগা হৈছে। |
| হেমপ্ৰভা— | বাৰু তেনে এই কটাৰি খনকে বিচনাৰ দাঁতিত
থবা। দা-কটাৰি থাকিলে ৰাতি ভয় নাখায়। তেনে মই এতিয়া৷ শোওঁগৈহে। |
( প্ৰস্থান )
| প্ৰমীলা— | এনে উদাৰ তিৰোতা। লোকৰ কাৰণে ইমান কষ্ট
কৰে। |