সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
স্বাৰ্থৰ সমাজ ।


দিও। এই দৰে আউলী বাউলী হৈ থাকিলে দেখিবলৈ

বেয়া হয়।

(মূৰ আচুৰি দি ফোট দিয়ে )

এইয়া আৰ্চি চোৱাচোন এতিয়া তোমাৰ মুখখনি কেনেকৈ

জিলিকি উঠিছে। এতিয়াহে ভাল হৈছে। এনে সুন্দৰ মুখ খনি আই ঐ দেহি।

প্ৰমীলা — বাইদেউ মোৰ ৰূপৰ কথা প্ৰশংসা নকৰিব। মোৰ

ৰূপত কলা ডাৱৰ পৰিল।

হেমপ্ৰভা— কেলৈ হ'ব। অলঙ্কাৰ নাইকিয়া তিৰোতাৰ ৰূপেই

অলঙ্কাৰ। মোৰ যদি তোমাৰ নিচিনা ৰূপ থাকিলহেঁতেন ভনিটী—

প্ৰমীলা — আপুনি মোৰ ৰূপৰ কথা কৈ কিয় জোৰ দিছে।

আপোনাৰ কথা বোৰ শুনি মোৰ জ্বলা জুই দুগুণে উথলি উঠিছে। চবচোন এই ৰূপ যৌবন যাৰ চৰণত অৰ্পিম বুলি অকলঙ্কিত কৰি ৰাখি আছো সেই নিৰ্ম্মল আজি ক'ত, মই ক'ত। শেষ সময়ত এবাৰ দেখিবলৈও নেপালো। নিৰ্ম্মলৰ কাৰণে কান্দি কান্দি কাল কটাইছো। এনেবোৰ কথা কৈ অশান্তি নবঢ়াৱ বাইদেউ।

হেমপ্ৰভা— নহয় ভনীটি, তোমাৰ মনৰ বেজাৰ পাতলাবলৈ

হে এনেবোৰ কথা কৈছো, দোষ হলে ক্ষমা কৰিবা।