সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

স্বাৰ্থৰ সমাজ ।

⸻::⸻

১ ম অঙ্ক



১ম দৃশ্য —ৰজনীকুমাৰৰ ঘৰ , ভিতৰৰ কোঠা—

(ৰজনী আৰু মূৰ্তিমতী )

ৰজনী হেৰা! নগেনে এতিয়া

উনৈশ বছৰত ভৰি দিছেহি মাথোন, কিন্তু দেখাত তাৰ বয়স ২০। ২২ বছৰ যেন দেখি। মোৰ মনেৰে তাক কলিকতালৈ পঠিয়াই অলপ চকু গজা কৰিব পাৰিলে বেয়া নহয়। চোৱাচোন ম‍ই বৰগোলাৰ ঘৰত মহাজনী খাতা লিখোতে লিখোতে বুঢ়া হলোহি। আজি ১০/১২ বছৰ সিহঁতৰ লগত চাকৰীত থাকি সিহঁতৰ কাৰবাৰবোৰ দেখি শুনি বুজিব পাৰিছো যে কলিকতাইহে প্ৰধান কাৰবাৰৰ ঠাই। সেই বাবে তাক কলিকতালৈ পঠাই কাৰবাৰৰ বিষয়ে অলপ শিকাই বুজাই, আনিব পাৰিলে লাহেকৈ বুঢ়া বয়সত চাকৰী এৰি, কাৰবাৰ এটা কৰিব পাৰো। আজি-কালি কেঞা মহাজনহঁতে অঞ্চল মৰাপাটৰ কাৰবাৰতে লাখ লাখ টকা উপাৰ্জন কৰিছে। তুমিও বোধ কৰো বেয়া নোবোলা। পিচে প্ৰধানতঃ কলিকতাত নিজৰ মানুহ নাথাকিলে