সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮
স্বাৰ্থৰ সমাজ ।


ভাৰতী— কেতিয়ামানকৈ ঘূৰিব। দেউতাক সুধিছিল জানো

সকলো কথা ঠিক ঠাক কৰি যোৱাতে ভাল। যদিও কাৰবাৰৰ লোকচান হব কি কৰিব দেহাতকৈ ধন ডাঙৰ নহয়। মোক তেওঁ বেমাৰৰ কথাটো কৱলৈকে বিশ্বাস নকৰিলে।

নগেন — মই যাম বুলিছো যামেই। যাবলৈ নেপালে মই যে

মৰিম ই নিশ্চয়।

ভাৰতী— আপোনাৰ কথাবোৰ শুনি মোৰ বৰ সন্দেহ হৈছে।

মোক ইমানতো ভুৱা দিছে কেলৈ। আপুনি যি দিনাই পুৰিলৈ যাওঁ বুলিলে সেই দিনাৰ পৰা মোৰ সন্দেহ হৈছে। আপুনি মোক পৰিত্যাগ কৰি মোৰ চকুৰ আঁতৰ হবলৈ মন কৰিছে। যদিও মোৰ এই সন্দেহ ভাবৰ পৰা আপোনাৰ ওচৰত শত অপৰাধে অপৰাধী হৈছো তেওঁ মোৰ মনে বিশ্বাস কৰা নাই।

নগেন— মই তোমাৰ সন্দেহ ভাব গুচাৱ নোৱাৰো।

সকলো কথাতে তুমি মোক সন্দেহ চকুৰে চোৱা। মই মোৰ নিজৰ কৰ্ত্তব্য বুজো। মোৰ যেতিয়া গা ভাল হ'ৱ ভেতিয়া ঘূৰি আহিম তাত কিহৰ সন্দেহতো। মই এতিয়া যাওঁ। মোৰ বস্তু বাঢ়নিবোৰ সোনাৰামৰ হাতত ষ্টেচনলৈ পঠাই দিবা।

( নগেনৰ প্ৰস্থান )

ভাৰতী—সঁচাকৈয়েনো তেখেত বেমাৰৰ বাবে যাবলৈ