সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৭
স্বাৰ্থৰ সমাজ ।


লগাই আহিছে। আপুনি এনেকুৱা কিয় হল। টকা

বোৰ যেনেকৈ উৰাইছে সেই দৰে হলে ধন সম্পত্তি কেই দিন থাকিব। আমি আৰু বাটৰ ভিক্ষাৰীহে হব লাগিব।

নগেন — মিছামিছিকৈয়ে এইবোৰ কেপ-কেপাই আছা।

মোৰ বেমাৰ ভিতৰি ভিতৰি বৰ টানেই হৈছে।

ভাৰতী— আপোনাৰ কি বেমাৰ হৈছেনো?
নগেন— এই বেমাৰেই মোক মাৰিব।
ভাৰতী— মানুহৰ বেমাৰ হলেই মৰেনে? এনেকুৱানো কি

মাৰাত্মক বেমাৰ হৈছে? বেমাৰৰতো নাম আছে। আচলতে আপোনাৰনো কি বেমাৰ হৈছে কওকচোন।

নগেন— আচল কথা নকলি কথা মই নেজানো।

বেমাৰ হৈছে কৈছো, নপতিয়ালে কি কৰিম।

ভাৰতী— বেমাৰ হৈছে যদি ডাক্তৰ কবিৰাজক দেখুৱাওক।

দৰব জাতি খাওক। অলপ দিন জিৰণি ললে ভাল হ'ব।

নগেন — মিছা মই ডাক্তৰক দেখুৱাই দৰব জাতি ৰীতি মতে

খাইয়ে আছো; একো গুণ হোৱা নাই সেইহে সিদিনা তোমাৰ আগত পুৰীলৈ যোৱাৰ কথা কৈছিলো। ঠাই সলনি হলে ভাল হয়েইবা।

ভাৰতী— কেতিয়ামানে যাও বুলিছেনো।
নগেন— আজিয়েই।