সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৬
স্বাৰ্থৰ সমাজ ।


তৃতীয় দৃশ্য—ভাৰতীৰ কোঠা

ভাৰতী— মোকনো নিবলৈ কিয় অমান্তি হৈছে। মই লগত

গলেনো তেখেতৰ কি অপকাৰ হব। এনেকৈ হওঁতে বহুত অসুবিধা আছে। মোৰ মনটো কিবা কিবা লাগিছে দেখোন।

( এনেতে চিন্তান্বিত নগেনৰ প্ৰবেশ )

আপুনি দেখোন বৰ চিন্তা কৰি আহিছে।
নগেন— মই চিন্তা কৰিছো বুলি তুমি কেনেকৈ জানিলা।
ভাৰতী— আপোনাৰ মুখৰ চেহেৰা আৰু চকুৰ পৰাই বুজিব

পাৰিছো।

নগেন— থোৱা তোমাৰ কবিতা, ব্যৱসায়ী মানুহ আমি তোমাৰ

কবিতাৰ ভাব বুজিব নোৱাৰো। এনেয়ে শৰীৰ বেয়া; তাতে কাৰবাৰৰ চিন্তা, তোমাৰ ওচৰলৈ আহিলে সকলো- বোৰৰ কৈফিয়ৎ মই দিব নোৱাৰো।

ভাৰতী— আপোনাক কথা এটা সোধো। মই শুনিবলৈ

পাইছো ............ ময়ে যে শুনিছো এনে নহয়। ম‍ই আপোনাৰ আগত লুলুকুৱাও। আপুনি মোৰ স্বামী; স্বামীৰ আগত আত্ম গোপন নকৰো। কৰিলে মহা পাপ হব। আপুনি বোলে কাৰবাৰৰ বিষয়ে একেবাৰে কাণ- সাৰ এৰি দিছে আৰু বহুত টকাও হেনো জমা নকৰা কৰি লৈ আহিছে। আপোনাৰ খবৰ দিনৌ পুলিচে কলিকতাত লব লাগিছে। সচাকৈ কওকচোন আপুনিনো কি জগৰ