এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
স্বাৰ্থৰ সমাজ
| জনীচেৰেকৰ লগত মদ খাই মোৰ টকা পইচ৷ সোপাকে
উৰালে৷ হিচাপ পত্ৰ দিব লাগে বুলি ইয়াত সোমাই আছেহি। তাৰ বেমাৰ ভাল হবৰ ইমান দিন হ'ল; তত্ৰাচ সি জানো কাৰবাৰৰ কথা ভাবিব নেপাই। তাৰ উপৰি পুলিচে সদায় তাৰ খবৰ লয়হি। কুলাধমে গম পাই ঘৰত সোমাই আছেহি। |
| মূৰ্ত্তিমতী— | বোপাই লৰা মানুহ, কিবা জগৰ জাতি লগালে
যদি সৰুৱাবলৈ কাৰবাৰ কৰক। |
| ৰজনী — | মই কি কৰিম মোৰ হাতত টকা এটাও নাই যি
খাটছিলো সকলো তাৰ হাততে। সি অহাৰ আগতে এখন বিলৰ পচিশ শ টকা পাইও জমা কৰা নাই। চোৱাচোন এই বুঢ়া বয়সত সি মোক চাৰিও ফালে লেঠাত পেলাই সৰ্বনাশ কৰিলে। এতিয়া পাত কিনাৰ দিন, কেনেকৈ মই সুদা হাতেৰে কাৰবাৰ চলাও। তাৰ উপৰি যাক আগধন দিছে সিয়ো মৰা পৰিব। |
| মূৰ্তিমতী— | বাৰু আপুনি মাতি আনি তাক সোধকচোন;
কিজানি তাৰ হাতত টকা আছেই। সিনো অ'তবোৰ টকা কিহত খৰচ কৰিব। মোৰ বিশ্বাস কৰবাত জমা থব পায়। |
| ৰজনী— | থোৱা তোমাৰ বিশ্বাস। তুমিয়ে সোধাগৈ। |
( ৰজনী উচাত মাৰি উঠি যায় )