সমললৈ যাওক

পৃষ্ঠা:স্বাৰ্থৰ সমাজ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
স্বাৰ্থৰ সমাজ


হয়। আপুনি মোক অকনো দেখিব নোৱাৰে।
নগেন— দেখিব পৰা নপৰা কথা নহয়। অশিক্ষিত তিৰোতাক

মই লগত বিদেশলৈ নিবলৈ ভাল নেপাও তুমি যাবলৈ নধৰিবা। মই তোমাক নিনিওঁ।

ভাৰতী— বাৰু মই যোৱাৰ কথা দেউতাকে৷ কৈ চাম।

তেখেতে আপোনাক অকলে নপঠায়।

নগেন— তুমি এইবোৰ কথা দেউতাক নকবা ইমান দিনৰ

মূৰত ঘৰলৈ আহিছে। শুনিলে বেয়া পাব। বহুত ৰাতি হল শোওঁগৈ যাওঁ।

( প্ৰস্থান )

⸺(:- :) ⸺

দ্বিতীয় দৃশ্য।

( ৰজনীৰ শোৱা কোঠা। মূৰ্তিমতীয়ে তামোল কাটি

থাকে। ৰজনী আহি বহেহি। )

ৰজনী — হেৰা মই ঘৰলৈ অহাৰ কাৰণ জানানে? তোমাৰ

বৰ পুতেৰাই ভালকৈ একা মোৰ মাৰি আহিছে।

মূৰ্তিমতী— আপুনি তেনে কথা নকব মোৰ বোপাই তেনে

নহয়। 'আপোনাৰ লগত থাকিহে যদি বেয়া হৈছে।

ৰজনী — তুমি পুতেৰাৰ কথা কবলৈকে নিদিয়া। মইনো

বাপোকিটো হৈ মিছাকৈয়ে কৈছোনে?

মূৰ্ত্তিমতী— কি কৰিলেনো?
ৰজনী — কৰিবলৈ আৰু বাকী থোৱা নাই। বংশধৰে নটিনী