এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
স্বাৰ্থৰ সমাজ
| হয়। আপুনি মোক অকনো দেখিব নোৱাৰে। |
| নগেন— | দেখিব পৰা নপৰা কথা নহয়। অশিক্ষিত তিৰোতাক
মই লগত বিদেশলৈ নিবলৈ ভাল নেপাও তুমি যাবলৈ নধৰিবা। মই তোমাক নিনিওঁ। |
| ভাৰতী— | বাৰু মই যোৱাৰ কথা দেউতাকে৷ কৈ চাম।
তেখেতে আপোনাক অকলে নপঠায়। |
| নগেন— | তুমি এইবোৰ কথা দেউতাক নকবা ইমান দিনৰ
মূৰত ঘৰলৈ আহিছে। শুনিলে বেয়া পাব। বহুত ৰাতি হল শোওঁগৈ যাওঁ। |
( প্ৰস্থান )
⸺(:- :) ⸺
দ্বিতীয় দৃশ্য।
| ( ৰজনীৰ শোৱা কোঠা। মূৰ্তিমতীয়ে তামোল কাটি
থাকে। ৰজনী আহি বহেহি। ) |
| ৰজনী — | হেৰা মই ঘৰলৈ অহাৰ কাৰণ জানানে? তোমাৰ
বৰ পুতেৰাই ভালকৈ একা মোৰ মাৰি আহিছে। |
| মূৰ্তিমতী— | আপুনি তেনে কথা নকব মোৰ বোপাই তেনে
নহয়। 'আপোনাৰ লগত থাকিহে যদি বেয়া হৈছে। |
| ৰজনী — | তুমি পুতেৰাৰ কথা কবলৈকে নিদিয়া। মইনো
বাপোকিটো হৈ মিছাকৈয়ে কৈছোনে? |
| মূৰ্ত্তিমতী— | কি কৰিলেনো? |
| ৰজনী — | কৰিবলৈ আৰু বাকী থোৱা নাই। বংশধৰে নটিনী |