—পাতনি—
⸻
সাৰ্ব্বজনীন শিক্ষা আন্দোলনৰ ঘাই উদ্দেশ্য গাৱঁলীয়া মানুহক অতি কম সময়ৰ মাজত আখৰ পৰিচয়, আখৰ জোঁটনি আদি শিকোৱাৰ লগতে সাধাৰণৰ প্ৰয়োজনীয় কথাবোৰ শিক্ষা দিয়া
ছন্দত ৰচনা কৰা পদবিলাক অতি সহজতে মুখস্থ কৰা যায়, আৰু সেই পদত যদি শিকিব লগীয়া শব্দ আৰু প্ৰয়োজনীয় আখৰ জোঁটনিৰ দিহা থাকে তেনে হলে দুয়ো উদ্দেশ্য সিদ্ধ হৈ শিক্ষা উজু হয়।
অসমত আগৰ দিনত কাইথ বিলাকে পঢ়াশালীত লৰাবিলাকক ‘অ-ফলা’, ‘ক-ফলা’, ‘ঙ্ক-ফলা’, ‘স্ক-ফলা’, ‘সিদ্ধি-ফলা,’ ‘আকাৰ-ফলা’, ‘নাম খড়ি ভাঙ্গা বা বৰ্ণবিন্যাস’, ‘সৰু নেওতা’ আদি শিকাই লগতে সাধাৰণ জ্ঞানৰ অনেক কথা শিক্ষা দিছিল।
বৰ্ত্তমান কিতাপত প্ৰাচীন-কলীয়া ৰীতি আৰু দেশৰ আধুনিক পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি শব্দবিন্যাস আৰু আখৰ জোটনিৰ সমাৱেশ কৰি সৰল পদ্য ৰচনা কৰা হৈছে।
শব্দ বা পদৰ অৰ্থৰ প্ৰতি প্ৰথমতে বিশেষ মন দিব নালাগে। প্ৰথম লক্ষ্য শব্দ আৰু আখৰ জোঁটনি শিকা। শব্দ আৰু পদবোৰ মুখস্থ হলে পিচত লাহে লাহে অৰ্থবোধ হব।
দেশৰ বস্তু, দেশৰ বুৰঞ্জী, নেতা, কবি আদিৰ নাম জানিলে দেশাত্মবোধ জাগে। দেশৰ বৰ্ত্তমান ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কেও সাধাৰণ জ্ঞান থকা প্ৰয়োজন। শব্দ বিন্যাসৰ সময়ত এইবোৰৰ প্ৰতিও বিশেষ দৃষ্টি ৰখা হৈছে।
১৯|৪|৪৯ ইং |