পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ২০ ]

আৱদুল মজিদ গুণা বৰ বীৰ যেন দেখাত।
টিটাবৰত আছিল ঘৰ ছ'য়ে একে সাত॥—৬+১=৭
লগতে ঘনচাম (ঘনশ্যাম) বৰুৱা ঘৰ গোলাঘাট।
শাসন কামত গুণী বৰ সাতে একে আট॥—৭+১=৮
চাদুলা চাহাবৰ নাম সাৰা দেশময়।
ৰাজনীতি বিশাবদ আটে একে ন(য়)॥–৮+১=৯
আমাৰ নেতা গোপীনাথ বৰদলৈৰ যশ।
জগৎ বিয়পি পৰে ন'ত একে দশ॥—৯+১–১০

—উপদেশ—

এৰিয়া অপৰাধ দেৱঋষি।
নামত যতন কৰা হৰিষি।
নামেসে কৰিব পৰম সিধি।
হৰিৰ নাম জগতৰ নিধি।
মুকুতি পাৱৈ এৰাই অপৰাধ।
কহিলো নাৰদ নাহিকৈ বাধ॥
আজি কালি কিবা মিলৈ মৰণ।
হৰিৰ নামত লৈয়ে| শবণ॥
 —(কীৰ্ত্তন )