পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ১৯ ]

গণনা

         ১০
এক দুই তিনি চাৰি পাঁচ ছয় সাত আট ন দশ (দহ)
এক দুই তিনি—সুখী অসমীয়া ভাই ভনী।
চাৰি পাঁচ ছয়—অসমীয়াই কাকো ন কৰে ভয়।
সাত আট ন (য়)—চাৰিওপিনে অসমৰ জয়।
একত শূইন দশ(হ)—বিয়পি পৰে অসমৰ যশ॥

যোগ নেওতা

মণিৰাম দেৱানে কৰে উজল অসম ভূঁই।—১
দেশভকত তৰুণ ৰাম একে একে দুই॥—১+১=২
কৰ্মবীৰ জাতীয় নেতা বৰদলৈ নবীন।
দেশৰ কামত মাতি থাকে দুয়ে একে তিন—২+১=৩
দেশৰ কাৰণ আগৰণুৱা ৰোহিণী চৌধুৰী।
চৰকাৰ ভয়ত কঁপে তিনে একে চাবি॥—৩+১=৪
হাতী বৰুৱা ৰোহিণীৰ বাণীৰ আছে সাঁচ।
গাৱেঁ ভুৱেঁ যতে ততে চাৰিয়ে একে পাঁচ॥—৪+১=৫
কুলধৰ চলিহাই এৰি চৰকাৰী বিষয়।
দেশ-সেৱাৰ কামত লাগে পাঁচে একে ছয়॥—৫+১=৬