পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ১৭ ]

আমাৰ দেশৰ ধান

বাও আহু শালি আমাৰ দেশৰ তিনিবিধ ধান।
চহাই কৰে ভূঁইত খেতি বঢ়ায় দেশৰ মান॥
বঙাল-বাও ঘুৰাঝোল পঁচিশ বিধ বাওধান॥
ইকীৰা বেতগুটি আদি তিন কুৰি আহুধন॥
দেশমান শালিধানৰ নাম আছে জনা।
জহা লাহি ৰামশালি দেৱধান জেঙেনা॥
ডাঙৰ চাউলৰ ভাত খায় গৰীব দুঃখী জনে।
মাণিক মধুৰী জহা চাউল খায় ধনীগণে॥
খেতি কৰা গৰীব চহা আমাৰ দেশৰ বল।
চহাৰ গুণত সকল গুণী ন হলে টলমল॥

আমাৰ ঘৰ

ভলুকা বাঁহৰ খুটি, চাল জাতি বাঁহৰ।
ইকৰাৰে বেৰ দিওঁ, কামি কাক বাঁহৰ॥
টকৌপাত, উলু, বাঙি খেৰৰ ছাউনি।
আহাৰৰ বৰষুণতো নু উৰুখে পানী॥
ঘাটিৰ লেপা বেৰখন গোবৰ মিহলাই।
বাঁহৰ চাটাইৰ দৰজা খিলিকি হাৱা যায় খেলাই॥