পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৬ ]

বগৰী আনাৰস আম কঠাল ও থেকেৰা।
তেতেলী জামীৰ নেমু আমলকি অমৰা॥
বাগানত ওপজে এইবোৰ বনত পাওঁ সদাই।
এইবোৰ খাই জীয়াই থাকোঁ আমি ভাই ককাই॥

______

 

আমাৰ দেশৰ মাছ

শিঙি মাগুৰ পাভ কাৱৈ চেঙ গৰৈ কৰতি।
কুৰিহা খলিহা ইলিচ টুবি পুঠি পৰতি॥
খাব-খাতি পাতি-মুতুৰা নাৰোয়া শিল-ঘৰীয়া।
শৌল-চেনাৰ, শাল ভাঙন ককিলা নাৰীয়া॥
ৰৌ বৰালি আবি পাঙা মিৰগা বিঠা শৌল।
কছ বছ চিতল কাটল এলেঙি গাগল॥
ঘিলাচাঁদা গৰুৱা ভেহুৱা লছিমা কুছিয়া।
মহাশৌল কাওৱা টিঙৰা বছা ঘেণা বটিয়া॥
এইবোৰ মাছ আছে আমাৰ নৈ পুখুৰী বিলত।
জাল বৰহী জকাইত ধৰি খাই হওঁ শকত॥

______