পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ১৪ ]

আমাৰ দেশৰ পাহাৰ

অকা দফলা মিৰি মিশমি আবৰ আৰু পাতকাই!
চিংফৌ নগা খাচিয়া জৈন্​তা মিকিৰ লুছাই॥
এই বোৰ নানা পাহাৰ আছে আমাৰ দেশত।
পাহাৰীয়া ভাই ভনী বসতি কৰে যত॥

আমাৰ দেশৰ নদ-নদী

দিবাঙ দিহাঙ লোহিত নৈ দিকৰং ভৰালি।
দিচাং বাউতা দিখৌ ভোগদৈ দিখাৰু কপিলী॥
ধনশিৰি যমুনা ববনৈ মনাহ বেকী আই।
দিগাৰু বৰপানী হাৰিয়া শিঙাৰা দুধনাই!
এইবোৰ নানা ডাঙৰ নৈ আছে মোৰ দেশত।
আমাৰ খেতি ভাল হয় তাবেই পলসত॥

আমাৰ দেশৰ গছ-গছনি

শাল চেগুন আজাৰ গামাইৰ ৰাতা ও সোণাৰু।
তিতাচাঁপাবন সোম কৰৈ নাহৰ ও শিহাৰু॥
হলক ভেলৌ কলা-জামুক পুমা কঠাল আম
ঔটেঙা শিলিখা ভোমৰা বাদাম বগী-জাম॥