এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩
স্বপ্নভঙ্গ
( ৫ )
পদূলি মুখৰ নঙলাত লাগি
জঠৰ ভৰিও পিছলি গ’ল,
তথাপিও মোৰ দুগালেদি বোৱা
দুধাৰি চকুলো গালতে ৰ’ল!
(৬)
তুমি কৈছিলাঁ— “একেলগে আহি
একেলগে দুয়ো আকউ যাম,
ঘূৰি নাহোঁ মানে ইয়াতেই থাকাঁ
গধূলি বেলিকা ইয়াতে পাম।”