এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২
স্বপ্নভঙ্গ
( ৩ )
সেই দিনা সখি, গধূলি বেলিকা
পশ্চিমৰ মেঘে কলীয়া হৈ
বুকুতে সামৰি আনিলে ধুমুহা
বিজুলী গাজনি পিচতে লৈ।
( 8 )
নেথাকিলোঁ আৰু কদম তলত;
সখি, সেই দিনা আহিলোঁ গুচি,
নেদেখা বাটত, শিল বৰষুণে
নোৱাৰিলে মন কৰিব শুচি।