সমললৈ যাওক

পৃষ্ঠা:স্বপ্ন-ভঙ্গ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

—লিখকৰ নিবেদন—

নসৰিল চকুপানী সৰোতে “পাপৰি”
আজি এটা ক্ষন্তেকীয়া অলিক সপোনে,
নাজানিলোঁ, নুবুজিলোঁ ধাৰাসাৰে বোৱা
ৰাখিছিলে চকুপানী গোপনে গোপনে।

* * * *

স্বপ্নৰ মাজত বহি সপোন ৰচনা
মানুহে নিতউ কৰে, ময়ো কৰিছিলোঁ;
সেন্দুৰীয়া সপোনৰ সোণালী কিৰণ
মাৰ গ’ল আজি মাথো টুকিছোঁ চকুলোঁ।
“স্বপ্নভঙ্গ” স্বপ্ন মোৰ নিলাজ প্ৰাণৰ,
সুৰহীন ঐক্যতান বিৰহ গানৰ।