সমললৈ যাওক

পৃষ্ঠা:স্বপ্ন-ভঙ্গ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
স্বপ্নভঙ্গ

 ( ৪১ )
তুলসী নেলাগে, দূবৰি নেলাগে,
 নেলাগে নৈবেদ্য, নেলাগে ধুপ,
প্ৰাণৰ দাপোণ দুয়ো মেলি চাম,
 একেলগে পাম দুয়োটি ৰূপ!
 ( ৪২ )
এই যে বিমল শস্য শ্যামল
 গিৰি নদী ভৰা শুৱনি ধৰা,
সৌ যে আকাশ নাচে নিতে য’ত
 ন জোন বেলি নাচনী তৰা।