সমললৈ যাওক

পৃষ্ঠা:স্বপ্ন-ভঙ্গ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
স্বপ্নভঙ্গ

 (৩৯)
কি হ'ব সাজিলে ৰূপৰ মন্দিৰ,
 সোণৰ প্ৰতিমা থাপনা কৰি,
পূজাৰ বেলিকা পৰম পদত
 যদিহে চকুলো নপৰে সৰি ?
 ( ৪০ )
সেইহে কইছোঁ, শুনা সখি মোৰ,
 আমি জগতত সদায় জয়ী
পূজিবাঁ দেৱতা, পূজিম দেৱীক,
 চিৰ প্রেমময়, কৰুণাময়ী।