এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
স্বপ্নভঙ্গ
( ৩৭ )
নিলাজী বনৰ চিকোণি কুঁহিতো
প্ৰেমৰ সুৰভি বিচাৰি পায়,
কাষ চাপিলেহি আজলী-বালাৰ—
লাজতে লাজুকী মৰহি যায়!
( ৩৮ )
নেথাকে যদিহে মনৰ মাজত
ভকতি ৰসৰ বিমল ধাৰ,
কি হ’ব যাচিলে দেৱী দেৱতাক
ফুল তুলসীৰ সুৰভি হাৰ?