এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বপ্নভঙ্গ
(৩৫)
সেই সুৰৰেই সুৰ লাগি লাগি
জাকেৰে জোনাকী পৰুৱা উৰে,
নিঠুৰ হিয়াতো চেনেহ ঢালি দি
নিশা এন্ধাৰত নিৰলে ফুৰে!
(৩৬)
সেই সুৰৰেই কঁপনিত সখি,
তিৰ্ বি্ৰ কৰি জিলিকে তৰা
বিৰহী পাটীত নিতে দিয়ে আঁকি,
মিলনৰ ছবি মাধুৰি ভৰা।