এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
স্বপ্নভঙ্গ
(২৯ )
মিলনত সখি, আছেই বিৰহ
আমিয়ে অকল বিৰহত পৰি
নাই ভোগা দুখ, যাতনা দাৰুণ
শ্মশানৰ চিতা বুকুতে ধৰি।
( ৩০ )
জগতত কত আছে জগৰীয়া
আছে কত সখি দীনৰো দীন
ওৰে দিন ৰাতি, টুকিছে চকুলোঁ
বজাই বুকুৰ বেদনা-বীণ!