সমললৈ যাওক

পৃষ্ঠা:স্বপ্ন-ভঙ্গ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
স্বপ্নভঙ্গ

 ( ২৭ )
ইদৰেই সখি, কত দিন ৰাতি
 সুধাৰ সঁফুৰা মুকলি কৰি
পান কৰিছিলো কত হেঁপাহেৰে
 একেলগে দুয়ো পৰাণ ভৰি।
 ( ২৮ )
সেই মিলনৰ সেই সপোনৰ
 সুৰ ভাঙ্গি আজি দিলেহি কোনে
কোন শৰতৰ নিলাজ পৱনে,
 কোন ফাগুনৰ পপীয়া জোনে?