সমললৈ যাওক

পৃষ্ঠা:স্বপ্ন-ভঙ্গ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
স্বপ্নভঙ্গ

 ( ২৫ )
“আহাঁচো তুমিও কাষলৈ সখি,
 কেনে সুমধুৰ বলিছে বা,
পুলকতে নাচি সৰিছে শেৱালি,
 ঢোপা কলিটিৰো লৰিছে গা!”
 ( ২৬ )
ইদৰেই দুয়ো কতদিন আমি,
 মধু-মিলনৰ পাতিলোঁ মেলা,
ভৰা যৌৱনৰ ফুলাম পাৰত
 আকাশী-পদুম ফুলাৰ বেলা!