এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
স্বপ্নভঙ্গ
( ২১ )
পূবেদিনি বোৱা বতাহ ছাটিয়ে
লাহতী কেশৰ সুৰভি লৈ,
সৰসী জলৰ সৰলা বালিকা
বগী পদুমীক দিছিলে গৈ!
( ২২ )
ব্যাকুল বিননি বাজিল বুকুত
নোৱাৰিলো আৰু থাকিব ৰৈ,
কাষলই চাপি কলোহি তোমাক,—
“কিয় সখি তুমি লাজুকী হৈ–