এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
স্বপ্নভঙ্গ
( ১৯ )
দূৰণিৰে পৰা দেখিলোঁ তোমাক
ইকি! সপোনৰ সেন্দুৰী জাল,
শৰত-কুঁৱৰী মৰতত বহি
শেৱালি ফুলৰ তৰিছে পাল!
(২০)
নীলা আকাশত লীলা-খেলা কৰি
এটি দুটি তৰা হুহঁকি গ’ল,
সুধাকৰে মাথোঁ সুধা ঢালি ঢালি
শৰত-কুঁৱৰী নিৰিখি ৰ’ল।