সমললৈ যাওক

পৃষ্ঠা:স্বপ্ন-ভঙ্গ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বপ্নভঙ্গ

 ( ১৭ )
প্ৰথমে যিদিনা তুমি দেখা দিলা
 শেৱালি ফুলৰ তলত আহি,
মধুৰ-মাধৱী জোনাক সিদিনা
 ৰূপহ জোনায়ে আছিলে হাঁহি।
 ( ১৮ )
তোমাৰ আকুল বুকুৰ কঁপনি
 লাগি শেৱালিৰ সৰিলে ফুল,
ৰাঙ্গলী ঠাৰিয়ে ওঁঠ দুয়োটিত
 দিলে সানি সখি ৰাঙ্গলী বোল!