এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮
স্বপ্নভঙ্গ
( ১৫ )
ভুল হল সখি, ক্ষমা কৰাঁ মোক,
মিছাতেই দিছোঁ তোমাক দোষ,
নাই লিখা যদি কপালতে সখি,
আমি ক’ৰ পৰা পামনো সুখ ।
( ১৬ )
তুমি ভাল পোৱাঁ, ময়ো ভাল পাওঁ,
বিধিয়ে সহিব নোৱাৰি তাকে
মধু-মিলনৰ মোহিনী পটত,
চিৰ-বিৰহৰ ছবিটি আঁকে।