সমললৈ যাওক

পৃষ্ঠা:স্বপ্ন-ভঙ্গ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বপ্নভঙ্গ

 ( ১৩ )
সেই দেখিয়েই কওঁ শুনা সখি,
 ৰূপ দেখি আৰু নমজে মন;
ৰূপৰ জোৱাৰ দেখিলে বিনাশ,
 —সেই তাহানিৰ, “অশোক বন”।
 ( ১৪ )
ৰূপৰ সোঁতত উটিলে কিহ’ব,
 নেথাকে যদিহে প্ৰেমৰ ঢৌ,
হেঙ্গুলী ওঁঠৰ নেলাগে মদিৰা
 নেপালে বুকুৰ মৰমী মৌ।