সমললৈ যাওক

পৃষ্ঠা:স্বপ্ন-ভঙ্গ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বপ্নভঙ্গ

 ( ১১ )
নহলেনো মোক কদম তলত
 সখি, সেই দিনা অকলে থৈ,
আহোঁ, আহোঁ, বুলি নাহিলাঁ কিয়নো
 মাথো এবেলাৰ বাটলৈ গৈ?
 ( ১২ )
হ’ব পাৰা তুমি তোমাত বলিয়া
 কলীয়া মেঘৰ সপোন চাই,
ময়ো যে আছিলোঁ তোমাকে আৰাধি
 তোমাৰ ৰূপৰ সুৰভি পাই।