সমললৈ যাওক

পৃষ্ঠা:স্বপ্ন-ভঙ্গ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বপ্নভঙ্গ

 (৯)
পদুম বনত অকলে অকলে
 কত পদুমীৰ চাপিলোঁ কাষ,
একে চাৱনিতে পাহি সৰি পৰা
 তেনে লাজুকীৰো নেপালোঁ আশ
 (১০)
মোৰ কদমৰ তলৰ সপোন
 সেইহে সিদৰে মৰহি গ’ল,
একেটি কথাৰ, একেটি ভাষাৰ,
 তাৰো যে মাধুৰি নোহোৱা হ’ল।