পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
নাৰী পৰ্ব্ব।

দেখি ভয়ে দ্ৰোণে বেহু পাতিলেক যাই।
জয়দ্ৰথ নৃপতিক থৈলা পলুৱাই॥
একোমতে সৈন্ধৱক লাগক নধৰি।
চিন্তিলা উপায় পাছে তুমি সে মুৰাৰি॥
তোমাৰ মায়াতে দিৱসতে সন্ধ্যা ভৈল।
দেখি কৌৰৱৰ মনে আনন্দ মিলিল॥
অৰ্জ্জুনৰ মনত বিকল আতিশয়।
অগ্নি জ্বালি কৰিলন্ত মৰিবে নিশ্চয়॥
সেহি সময়ত ৰঙ্গ চাহিবাক প্ৰতি।
আসিলন্ত দুৰ্য্যোধন সৈন্ধৱ সহিতি॥
হেন চল পাই ইন্দ্ৰসুত মহাবীৰ।
এক শৰে ছেদিলন্ত সৈন্ধৱৰ শিৰ॥
যেতিক্ষণে জয়দ্ৰথ ৰণত পৰিল।
তেতিক্ষণে সন্ধ্যা গুচি দিবা আসি ভৈল॥
কোৱা প্ৰভু সেই কৰ্ম্ম কৰিলেক কোনে।
অৱৰি ৰাখিলা তুমি সূৰ্য্য, সূদৰ্শনে॥
যতেক কৰিলা মানে তুমি নাৰায়ণ।
মোহোৰ পুত্ৰক দোষ দিয়া কি কাৰণ॥
হেনকি উপায় জানে পাণ্ডু পুত্ৰগণ৷
তোমাৰ ইচ্ছাতে ভৈল সবাৰো মৰণ॥
যেনে তেনে পাণ্ডৱৰ সাধিলাহা ইষ্ট।
মোৰ তনয়ৰ মাত্ৰ চিন্তিলা অনিষ্ট॥