পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
স্ত্ৰী পৰ্ব্ব।

এতেকে জানিলো তুমি ভৈলা আদি মুল।
তুমিসে কৰিলা মোৰ সবংশে নিৰ্ম্মূল॥
তযু অভিসন্ধিতে কৰিছা যত কৰ্ম্ম।
মিছাতে বুলিছা উভয়ত আছে মৰ্ম্ম॥
কি বুলিবো প্ৰভু মই জ্ঞানহীন নাৰী।
উচিত বোলন্তে দুঃখ নাপাবা মুৰাৰি॥
পৰম পুৰুষ তুমি দেৱতাৰো দেৱ।
ইতো ব্ৰহ্মণ্ডত তুমি বিনে নাহি কেৱ॥
সবাৰো নায়ক তুমি জগত কাৰণ।
তযু ইচ্ছাতেহে হয় জনম মৰণ॥
যিজনে নাজানে তযু গুণ মহিমাক।
ভাণ্ডিয়া বচন তেবে বুলবাহা তাক॥
মইতো জানো তোমাৰ মহিমা গুণগণ।
মোৰ আগে নুবুলিবা ভাণ্ডনা বচন॥
অৰ্জ্জুনৰ বধ চিন্তি কৰ্ণ মহাবীৰ।
দিব্য অস্ত্ৰ ৰাখিলা কৰিয়া মনে স্থিৰ॥
কিন্তু হৰি তাত তুমি বিঘিনি পাতিলা।
ভীমৰ পুত্ৰক ৰাত্ৰি যুজিবে বুলিলা॥
ঘটোৎকচে মায়া ধৰি জিনিলেক ৰণ।
সেহি অস্ত্ৰে কৰ্ণে তাক কৰিলে ঘাটন॥
মহা শৰঘাৱে ঘটোৎকচ গৈলা মৰি।
অৰ্জ্জুনৰ জীৱন ৰাখিলা তুমি হৰি॥