পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
স্ত্ৰী পৰ্ব।

হে কৃষ্ণ মোৰ কিনো অভাগ্য কপাল।
একেলগে ভৈল শত তনয়ৰ কাল॥
এজনো নৰৈল বাকী মৰিল সকল।
তাতে কেনে সহো বধু সবৰ বিকল॥
দেৱগণে যাক নেদেখিল একো কালে।
হেনয় বোৱাৰী কান্দে পৰিয়া ভূতলে॥
ঘনে ঘনে ডাক পাষে স্বামী পুত্ৰ বুলি।
কপালে কঙ্কন মাবে বিমুকুট চুলি॥
সু্ন্দৰ বদন যেন প্ৰফুল্ল কমল।
নবীন বয়স আতি তনু সুকোমল॥
সাৰ ৰূপ দেখি মোহ যায় দেৱগণ।
হেন নাৰী কুৰুক্ষেত্ৰে কৰিছে ক্ৰন্দন॥
স্বামী শোকে বিলাপি কান্দিছে নিৰন্তৰ।
যেন সুমধুৰ শুনি বীনাৰ সুস্বৰ॥
যন্ত্ৰ ধৰি যেন গানোৱায়ে কৰে গান।
কণ্ঠ স্বৰ শুনি তেনে বিদৰে পৰাণ॥
বীৰ বেশ ধৰে কতো স্বামী হীন নাৰী।
শোকে নৃত্য কৰে চোৱা হাতে অস্ত্ৰ ধৰি॥
হেন দুঃখ দেখি মোৰ নসহয় মন।
হৰি হৰি কৈক গৈল মোৰ পুত্ৰগণ॥
যাক আবৰিয়া আছিলেক পাত্ৰবৰ্গ।
ৰাজ্য ভোগ ভুঞ্জিলক যেন ইন্দ্ৰে স্বৰ্গ॥