পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
স্ত্ৰী পৰ্ব্ব।

জানি সৰ্ব্বজনে, তেজি আন কাম,
 লোৱা মাধৱৰ নাম।
তেবে তৰিবাহা,  সুখে সংসাৰক,
 মুখে গোৱা হৰি ৰাম॥

গান্ধাৰী প্ৰভৃতি স্ত্ৰী সকলৰ শোক আৰু শ্ৰীকৃষ্ণক গান্ধাৰীয়ে শাপ দিয়ে।

পদ।

বৈশম্পায়ণ বদতি শুনিয়ো মহাৰাজ।
আত অনন্তৰে শুনা যেন ভৈল কায॥
স্বামীশোকে ভানুমতী কৰিছে বিলাপ।
দেখি গান্ধাৰীৰ ভৈল দ্বিগুণ সন্তাপ॥
হৰি হৰি কৈক গৈলি পুত্ৰ দুৰ্য্যোধন।
বাৰেক কৰিয়ো বাপু মোক সম্বোধন॥
একবাৰ চকুমেলি চায়ো দৃষ্টি কৰি।
প্ৰিয় ভানুমতী কান্দে ধৰণীত পৰি॥
দেখি হেন সন্তাপে দহয় তনু মোৰ।
ধিক্ ধিক্‌ জীৱন নযাই যমপুৰ॥