সমললৈ যাওক

পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
স্ত্ৰী পৰ্ব্ব।

হেন মতে গান্ধাৰীৰ হৃদয়ে সন্তাপ।
অনন্তৰে শুনা ভানুমতীৰ বিলাপ ॥

ডুলড়ি।

পাছে ভানুমতী, স্বামীৰ শৱক,
 পাইলা কতোবেলি মানে।
মহাশোকে সতী,  কান্দিবে লাগিলা,
 স্বামীৰ ধৰি চৰণে॥
হৰি হৰি প্ৰভো, কৈক লাগি গৈলা,
 প্ৰাণৰ বল্লভ স্বামী।
তোমাৰ বিৰহে, জীৱন নৰহে,
 যাওঁ যমপুৰে আমি॥
এহিবুলি সতী, স্বামীৰ সন্তাপে,
 শোকে অগ্নি গৈলা জ্বলি।
সমস্ত সংসাৰ, দেখি শূন্য ময়,
 ভূমিত পৰিলা ঢলি॥
কতোবেলি মানে, লভিলা চেতন,
 নিদ্ৰাৰ যেন জাগই।
মহাশোকে আতি,  কান্দিবে লাগিলা,
 স্বামীৰ শৱক চাই॥
হাহা বিধি মোক, কিকৰ্ম্ম কৰিলা,
 কপালে লিখিলা কিক।