পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
নাৰী পৰ্ব্ব।

অৰ্জ্জুনৰ বচন শুনিয়া দামোদৰ।
ভক্তি ভাৱে চাপিলন্ত ৰাজাৰ ওচৰ॥
হাতে ধৰি বুলিলন্ত বচন সাদৰি।
শুনা শুনা ৰাজা তুমি মন থিৰ কৰি॥
যাৰ যেন মৰণ মিলিল কৰ্ম্ম ভাগে।
তাত তুমি অনুশোচ কৰিব নেলাগে॥
নকৰা নকৰা পণ্ড শোক অকাৰণ।
কান্দিলেও নপাইবাহ আৰু মৃত জন॥
তুমি মহা জ্ঞানী অতি শাস্ত্ৰত নিপুণ।
জানি শুনি মিছা শোক কৰা পুনঃ পুন॥
কিসক নুশুনা তুমি ব্যাসৰ বচন।
ইতৰ লোকৰ নয় কান্দা কিকাৰণ॥
শোকে মন দিলে তাক ৰাজলক্ষ্মী এৰে।
বুদ্ধিক্ষয় আপোনাৰ শ্ৰীহানি কৰে॥
এতেকতে ৰাজা তুমি শোক পৰিহৰা।
আমাৰ বচন পালি সুখে ৰাজ্য কৰা॥
হেন মতে কৃষ্ণে বহু বুলিলা ৰাজাক।
পুনৰপি ব্যাসেয়ো বুলিলা নানা বাক॥
তথাপিতো ৰাজা একো নিদিলা উত্তৰ।
অনন্তৰে বুলি নাৰদ মুনি বৰ॥
শুনা শুনা ৰাজা তুমি অসন্তোষ এড়া।
সজ্জন জনৰ বাক্য অমান্য নকৰা॥