পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
নাৰী পৰ্ব্ব।

নদীৰ বেগত যেন জাজি উটি যায়।
বান্ধৱৰ সমাগম তেনয় পৰায়॥
তাত জ্ঞানীজনে নকৰয় চিন্তা শোক।
কেৱল মিছাতে কান্দে জ্ঞানহীন লোক॥
যিদিনা ভৈলেক জীৱ মাতৃ গৰ্ভে স্থিতি।
সিদিনাৰে পৰা যম ভৈল অধিপতি॥
দিনে দিনে গনিয়া আছয় আয়ু তাৰ।
কাল পূৰ্ণ দিনে তাক কৰিব সংহাৰ॥
যেন দিবানিশি ঘুৰি আছে সৰ্ব্বকালে।
ষড় ঋতু যেন পৰিবৰ্ত্ত হুয়া চলে॥
জন্ম মৃত্যু প্ৰাণীৰো জানিবা সেহিদৰে।
উপজিলে মৰণ আছয় সমস্তৰে॥
দেখি আছা নৰপতি মহাযোগীগণ।
নিৰন্তৰে চিন্তি আছে ঈশ্বৰ চৰণ॥
কাম ক্ৰোধ লোভ আদি ৰিপুত বৰ্জ্জন।
কাৰো হিংসা নাচৰয় হৰি তেসে মন॥
একমনে কৃষ্ণত অৰ্পিয়া নিজ প্ৰাণ।
ধ্যান ধৰি চিন্তি আছে অৰণ্যত স্থান॥
তথাপি কালত দেখা মিলিছে মৰণ।
জানিৱা নিশ্চয় কেহো নাই অমৰণ॥
হেন জানি তুমি ৰাজা চিন্তা নকৰিবা।
আনৰ এড়িয়ো চিন্তা নিজেয়ো মৰিবা॥