পৃষ্ঠা:স্তুতি মালা.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্তুতি।

ৰূপ নাই প্ৰভু তথাপি তোমাৰ
 অন্তৰত ৰূপধ্যান;
বাক্যৰ অতীত জানিও তোমাক
 স্তুতি কৰোঁ বহুমান।
সৰ্ব্বব্যাপী তুমি জানিও নিশ্চয়
 তীৰ্থাদিক যাওঁ ঘনে;
জ্ঞানকৃত মোৰ ই তিনি পাতক
 ক্ষমা প্ৰভু নিজ গুণে।