এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
স্তুতিমালা
গীতাসাৰ স্তোত্ৰ।(৫)
তুমি বিনে আৰু নাই জানিছোঁ নিশ্চয়
তুমি আছা বিয়পি জগত;
জগতৰ বস্তু মানে তোমাতেই আছে
মণি-গথা সূত্ৰত যিমত।
জলৰ তুমিয়ে ৰস বেদৰ ওঁকাৰ
শশীসূৰ্য্য বিজুলীৰ প্ৰভা;
আকাশৰ তুমি শব্দ অগনিৰ তেজ
দীপ্তিমন্ত উজ্জ্বল আভা।
তেজস্বীৰ বলবুদ্ধি বিদ্বানৰ বিদ্যা
তুমি দেৱ জীৱৰ জীৱন;
অনাদি অনন্ত তুমি অক্ষয় অব্যয়
সৃষ্টি-স্থিতি প্ৰলয়-কাৰণ।
মৰণৰ-ভয়-নাশী মুক্তিৰ উপায়
এক মাত্ৰ তোমাৰ ভজন;
তোমাকেই জানি নৰে ব্ৰহ্মপদ পায়
তুমি ব্ৰহ্ম মোক্ষৰো কাৰণ।
ত্ৰিকালজ্ঞ তুমি দেৱ তুমি সৃষ্টি কৰা
ভবিষ্য অতীত বৰ্ত্তমান;
সকলোকে জানা তুমি জ্ঞানৰ অতীত।
মায়াৰূপী জগতৰ প্ৰাণ।