সমললৈ যাওক

পৃষ্ঠা:স্তুতি মালা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহালক্ষ্মী স্তোত্ৰ।

 

ক্ষমাশীলা পৰাৎপৰা দেবী ভগৱতী,
শুদ্ধসত্বস্বৰূপিনী অগতিৰ গতি।
ক্ৰোধ আদি দোষ-শূন্যা বিশ্বৰ ঈশ্বৰী,
দেৱনৰে স্তুতি কৰে চৰণত পৰি।
সতীৰ উপমা তুমি সৌন্দৰ্য্য নাৰীৰ,
তুমি বিনে জগতত নাই চিন শ্ৰীৰ।
সম্পদ বিভূতি তুমি ৰাসৰ ঈশ্বৰী,
মৰ্ত্যত প্ৰকাশ কৰা নাৰীৰূপ ধৰি।
পাৰ্ব্বতী পৰ্ব্বতকন্যা কৈলাশৰ শীৰে,
লক্ষ্মীৰূপে প্ৰকাশিলা ক্ষীৰোদসাগৰে।
বৈকুণ্ঠত মহালক্ষী প্ৰধান মহিষী,
তুমি দেবী স্বৰস্বতী জাহ্নবী তুলসী।
গোলোকত কৃষ্ণপ্ৰাণা ৰাধিকা সুন্দৰী,
বৃন্দাবনে গোপী মাজে তুমি ৰাসেশ্বৰী।
ভাণ্ডিৰত কৃষ্ণপ্ৰিয়া বনত মালতী,
পদ্মবনে নাম ধৰা তুমি পদ্মাৱতী।
চন্দন কানন মাজে চন্দ্ৰাৱলী ৰূপ,
শত সৃঙ্গে তুমি দেবী সুন্দৰীস্বৰূপ।
কুন্দদন্তী কুন্দবনে সুশীলা নামত,
কেতকী বনৰ মাজে কৰিছা বেকত।