এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
স্তুতিমালা৷
জ্বলন্ত অগনি আছে তোমাৰ মুখত
তেজে তপ্ত বিশ্ব চৰাচৰ।
স্বৰ্গ আদি তিনিলোক আৰু দশেদিশ
ব্যাপি আছা তুমি জগপতি;
তোমাৰ অতুল্য ৰূপ দেখি যত প্ৰাণী
ভয়তেই কপে সৱে অতি।
বসু আদি দেৱগণে মাগিছে শৰণ
কৃতাঞ্জলি হুয়া কতো ৰয়;
সিদ্ধগণে শুদ্ধমনে স্তুতি বাদ কৰে
মহৰ্ষী সকলে স্বস্তি কয়॥
ৰুদ্ৰাদিত্য বসুগণ সাধ্য আদি যত
বিশ্বদেৱ অশ্বিনীকুমাৰ;
মৰুদ্গণ পিতৃ সৱো গন্ধৰ্ব্ব অসুৰ
যক্ষ সিদ্ধ বিস্ময়ে বিভোৰ।
স্বৰ্গস্পৰ্শী দীপ্তিমন্ত অনেক বৰণ
ব্যক্ত মুখ বিশাল নয়ন;
ভয়ে লাগে অন্তৰাত্মা ব্যথিতও হয়
দেখি মোৰ ধৈৰ্য্যশূন্য মন।
ভীষণ দশন-মুখ কালাগ্নি সমান
দেখি প্ৰভু হয় বুদ্ধি নাশ;
নাপাওঁ মনত শান্তি হে দেৱ ঈশ্বৰ
হোৱা তুষ্ট জগতনিবাশ।